২০২১ৰ শিক্ষাবৰ্ষ আৰম্ভ হ’ব এপ্ৰিলৰ পৰা মাৰ্চলৈ!
লকডাউনৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয়। এই সময়ছোৱাত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ যাতে এটা শৈক্ষিক বৰ্ষ বিনষ্ট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ।শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীৰ জৰিয়তে সদৰি কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
ৰাজ্য চৰকাৰৰ শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰ মাহৰ পৰিৱৰ্তে এপ্ৰিল-মাৰ্চ মাহত কৰাৰ প্ৰায় আনুষ্ঠানিকতা সম্পন্ন কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে। অৱশ্যে এতিয়াও কিছু দল, সংগঠন, বিজ্ঞসকলৰ পৰামৰ্শৰ অপেক্ষাত আছে শিক্ষা বিভাগ। চি বি এছ ইৰ লেখিয়াকৈ ৰাজ্যৰ নতুন শৈক্ষিক বৰ্ষ এপ্ৰিল-মাৰ্চত কৰাৰ অধিকসংখ্যক পৰামৰ্শ যদিহে আহে, তেন্তে আগন্তুক ২০২১ বৰ্ষৰ পৰা অসমত এপ্ৰিল-মাৰ্চৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষা বৰ্ষ।
ইয়াৰ বাবে, অসম মাধ্যমিক শিক্ষা পৰিষদে মুকলি কৰা অনলাইন ৱেবছাইট http//sebaonline.orgত সকলোৱে নতুন শিক্ষা বৰ্ষ সন্দৰ্ভত নিজৰ নিজৰ মন্তব্য আগবঢ়াব পাৰিব বুলি উল্লেখ কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে।
Comments
Post a Comment