দেশৰ ১০০ খন উচ্চ শিক্ষানুষ্ঠানৰ তালিকাত স্থান পালে অসমৰ ৪ খন শিক্ষানুষ্ঠানে
IIT GUWAHATI অসমবাসীৰ বাবে সুখবৰ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা দেশৰ মুঠ এশখন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ তালিকাত অন্তভুক্ত হৈছে অসম চাৰিখনকৈ শিক্ষানুষ্ঠান৷ আনকি প্ৰথম দহখন শিক্ষানুষ্ঠানৰ ভিতৰতে আই আই টি গুৱাহাটীয়ে সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে এই তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ে ৬৫ নং স্থান, গুৱাহাটী বিশ্ববিদ্যালয়ে ৭২ নং স্থান আৰু এন আই টি শিলচৰে ৯৪ নং স্থান দখল কৰিছে ৷ শীৰ্ষত থকা দেশৰ এশখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ এই তালিকাত প্ৰথম স্থানত আছে আই আই টি মাদ্ৰাছ৷ আনহাতে, সামগ্ৰীক ভাৱে সকলো ক্ষেত্ৰৰে শিক্ষানুষ্ঠানৰ শীৰ্ষত থকা এই তালিকাখনৰ উপৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগে সুকীয়া সুকীয়া ভাৱে বিশ্ববিদ্যালয়, কলেজ, ইঞ্জীনিয়াৰিং, মেনেজমেন্ট, মেডিকেল আদি শিতানত বিভক্ত কৰিও পৃথক তালিকা প্ৰস্তুত কৰিছে ৷ সেই অনুসৰি দেশৰ এশখন খন বিশ্ববিদ্যালয়ৰ তালিকাত তেজপুৰ বিশ্ব- বিদ্যালয়ে ৩৯ নং, গুৱাহাটী বিশ্ববিদ্যালয়ে ৪৭ নং আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৮৪ নং স্থান লাভ কৰিছে৷ আনহাতে বিশ্ববিদ্যালয়ৰ তালিকাত শীৰ্ষত আছে বাংগালুৰুত থকা ইন্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স৷ দ্বিতীয় স্থানত দিল্লীৰ জৱহৰলাল নেহৰু ...